দিল্লীৰ জামিয়াত ৩০ জানুৱাৰীত সংঘটিত হোৱা গুলীবৰ্ষণৰ লগত জড়িত কোনো দোষী সাৰি যাব নোৱাৰে বুলি টুইট কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। টুইটটোত শ্বাহে লিখিছে-”বৃহস্পতিবাৰে সংঘটিত হোৱা জামিয়া গুলীবৰ্ষণৰ সন্দৰ্ভত আমি দিল্লী আৰক্ষী সঞ্চালকৰ সৈতে কথা পাতিছো। এনেকুৱা ঘটনাক চৰকাৰে কোনোদিন প্ৰশয় নিদিয়ে আৰু সহ্য নকৰে। এই ঘটনাৰ দোষীক কঠোৰতম শাস্তি বিহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। দোষী কেতিয়াও সাৰি যাব নোৱাৰে।”
উল্লেখ্য যে দিল্লীৰ জামিয়াত কা বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত এজন যুৱকে সাংবাদিকক লক্ষ্য কৰি গুলী চলাইছিল যদিও গুলী লাগে জামিয়া মিলিয়া ইচলামিয়া বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ দেহত। সম্প্ৰতি শিক্ষাৰ্থীগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটোৰ তদন্ত আৰক্ষীৰ বিশেষ বিষয়া প্ৰৱীণ ৰঞ্জনৰ নেতৃত্বত হ’ব বুলি গৃহমন্ত্ৰীয়ে উল্লেখ কৰিছে।
Photo Credit: Scroll.in