17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম Breaking জীৱন্তে মাটিৰ তলত পোত খালে চাৰিগৰাকী মহিলা, পলমকৈ হ'লেও সুকলমে উদ্ধাৰ...

    Breaking জীৱন্তে মাটিৰ তলত পোত খালে চাৰিগৰাকী মহিলা, পলমকৈ হ’লেও সুকলমে উদ্ধাৰ কেউজন

    কাম কৰি থকা অৱস্থাতেই ভূমিস্খলন হৈ চাৰিগৰাকী কৈ কাম কৰা মহিলা আবদ্ধ মাটিৰ তলত

    কাহিলীপাৰাৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলনৰ ঘটনা। কাম কৰি থকা অৱস্থাতেই ভূমিস্খলন হৈ চাৰিগৰাকী কৈ কাম কৰা মহিলা আবদ্ধ মাটিৰ তলত। পিছে সম্পুৰ্ণ সুৰক্ষিত অৱস্থাতে উদ্ধাৰ কৰা হৈছে কেউজন লোককে। ভৱেশ ডেকা নামৰ এজন ব্যক্তিয়ে গাৰ্ড ৱাল দিয়াৰ কামত ব্যৱহাৰ কৰিছিল ১০ জনকৈ বনুৱাক।

    অতি বিপদজনক ভাৱে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল। মাটি খহি আবদ্ধ হোৱা এটাইকেইজন বনুৱা মহিলা আছিল। স্থানীয় ৰাইজৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰা হয় মহিলা কেইগৰাকীক। প্ৰথমে দুগৰাকীক আৰু তাৰ পিছত অলপ পলমকৈ হ’লেও আন দুগৰাকীকো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীৰ দলে।

    ঘটনস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী। উদ্ধাৰ হোৱা মহিলা বনুৱা কেইগৰাকীৰ নাম চনীকা খাতুন, খচিমুন নেচা আৰু আমিনা খাতুন আন এগৰাকীৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time