কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মঙলবাৰে চীনত এখন হাস্পতালৰ সঞ্চালকৰ মৃত্যু হয়। চীনৰ চৰকাৰী মিডিয়া চিচিটিভিয়ে জনালে এই কথা। য়ুহানস্থিত য়ুচাং হাস্পতালৰ সঞ্চালক লিউ ঝিমিঙৰ জীৱন ৰক্ষা কৰাৰ চেষ্টাত বিফল হয় আৰু তেওঁ কৰুণ মৃত্যুক সাৱটি লয়। লিউৰ পূৰ্বে কৰ’না ভাইৰাছৰ কাৰণে হাস্পতালৰ সঞ্চালক স্তৰৰ কোনো এজন লোক মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পোৱা নাছিল। চৰকাৰী তথ্য অনুসৰি, দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈ ৬ গৰাকী চিকিত্সা কৰ্মীৰ মৃত্যু হৈছে আৰু ১,৭১৬ গৰাকী ইতিমধ্যে আক্ৰান্ত।
মঙলবাৰে পুৱতিনিশা চীনৰ মিডিয়া আৰু ব্লগাৰে লিউৰ মৃত্যুৰ খবৰ পোনপ্ৰথমে প্ৰকাশ কৰিছিল কিন্তু পিছত এই খবৰটো আঁতৰাই দিছিল। তেতিয়া কোৱা হৈছিল যে লিউৰ জীৱন ৰক্ষাৰ বাবে যথপৰোনাস্তি চেষ্টা চলোৱা হৈ আছে।
Photo credit: gulfnews.com