22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় অযোধ্যা সন্দৰ্ভত আটাইতকৈ বৃহৎ সিদ্ধান্ত; কোনে কি পালে?

    অযোধ্যা সন্দৰ্ভত আটাইতকৈ বৃহৎ সিদ্ধান্ত; কোনে কি পালে?

    উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক ক'লে ৩ মাহত ৰাম মন্দিৰ নিৰ্মাণক লৈ ট্ৰাষ্ট গঠন কৰিব লাগিব

    অযোধ্যা বিবাদক লৈ ঐতিহাসিক ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ৫জনীয়া সংবিধান পীঠে ক’লে যে এই সন্দৰ্ভত সিদ্ধান্ত বিশ্বাসৰ আধাৰত দিয়া নহ’ব। উচ্চতম ন্যায়ালয়ে ক’লে যে বিশ্বাসৰ আধাৰত ভূমিৰ মালিকানাধীন দিয়া নহয়।

    সিদ্ধান্ত আইনৰ আধাৰতহে লোৱা হ’ব। লগতে ক’লে যে মুছলমান পক্ষই ভূমি দাবী কৰাত ব্যৰ্থ হ’ল। হিন্দুৰ বিশ্বাস বিবাদহীন। খান্দোতে যি পোৱা হৈছিল সেয়া ইছলামিক আকাৰৰ নাছিল। খালী ভূমিত নিৰ্মাণ কৰা হোৱা নাছিল বাবৰি মছজিদ।

    এই সন্দৰ্ভত বিভিন্ন পক্ষক কি ৰায় দিলে উচ্চতম ন্যায়ালয়ে

    ১. ৰামললা বিৰাজমান
    উচ্চতম ন্যায়ালয়ে ভূমি প্ৰদান কৰিলে ৰামললা বিৰাজমানক। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ চৰকাৰক ক’লে ৩ মাহত ৰাম মন্দিৰ নিৰ্মাণক লৈ ট্ৰাষ্ট গঠন কৰিব লাগিব। বৰ্ড অব ট্ৰাষ্টী গঠন কৰক। বিবাদস্থলীৰ আউটাৰ কোৰ্টয়াৰ্ড হিন্দুসকলক মন্দিৰ নিৰ্মাণৰ বাবে দিয়া হ’ব। এই ট্ৰাষ্ট চোৱাচিতা কৰিব কেন্দ্ৰ চৰকাৰে।

    ২. ছুন্নী ৱক্ফ বৰ্ড
    অযোধ্যাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৫ একৰ ভূমি প্ৰদান কৰিলে ছুন্নী ৱক্ফ বৰ্ডক। অৰ্থাৎ ছুন্নী ৱক্ফ বৰ্ডক বিবাদিত ভূমিৰ পৰা পৃথক অযোধ্যা চহৰৰ অন্য কোনো স্থানৰ পৰা ভূমি প্ৰদান কৰা হ’ব। মুছলমান পক্ষই ভূমি দাবী কৰাত ব্যৰ্থ হোৱা বুিল কয় আদালতে।

    ৩. নিৰ্মোহী আখাৰা
    উচ্চতম ন্যায়ালয়ে নিৰ্মোহী আখাৰাৰ আৱেদন খাৰিজ কৰিলে। আখাৰাৰ দাবী সীমিত নহয় বুলি ক’লে আদালতে।

    ৪. ছিয়া ৱক্ফ বৰ্ড

    উচ্চতম ন্যায়ালয়ে ক’লে যে ছিয়া ৱক্ফ বৰ্ডৰ দাবী খাৰিজ কৰা হয়। ইয়াৰ পূৰ্বে ছিয়া ৱক্ফ বৰ্ডৰ অধিবক্তা অশ্বিনী উপাধ্যায়ে ক’লে যে আমি কৈছিলো যে ছিয়াই নিৰ্মাণ কৰা মছজিদ ছুন্নী দিয়া নহ’ব। ইয়াত আমাৰ অধিকাৰ আছে আৰু এয়া আমাকে দিয়া যাওক। ছিয়া ৱক্ফ বৰ্ডে বিচাৰিছিল তাত ইমাম-এ-হিন্দ অৰ্থাৎ ভগবান ৰামৰ মন্দিৰ নিৰ্মাণ হওক আৰু ইয়াৰ জৰিয়তে হিন্দু-মুছলমানৰ একতা প্ৰদৰ্শন হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...