ডুবাইত এটা এপাৰ্টমেণ্টৰ পৰা বাগৰি এগৰাকী ২৫ বছৰীয়া ভাৰতীয় ইঞ্জিনীয়াৰ নিহত হয়। খলীজ টাইমছে জনোৱা অনুসৰি ছবীল ৰহমান নামৰ এজন যুৱকে নিজৰ কৰ্মস্থলীৰ সমীপৰ এটা অট্টালিকাৰ পৰা বাগৰি পৰে। নিহত যুৱকজন কেৰালাৰ নিৱাসী আছিল আৰু ২০১৮ৰ পৰা ডুবাইত বাস কৰি আছিল। খবৰ অনুসৰি সমাজকৰ্মী নছীৰ বতনপল্লীয়ে ইঞ্জিনীয়াৰজনৰ মৃতদেহটো মলপ্পুৰম জিলাৰ থিৰুলৈ প্ৰেৰণ কৰিবলৈ পৰিয়ালৰ সহায়-সহযোগিতা আগবঢ়াইছে।
বতলপল্লীয়ে ক’লে এই দুৰ্ঘটনাটো অসাধাৰণ। আমি বিশ্বাস কৰিব পৰা নাই যে তেওঁ কৰ্মস্থলীৰ সমীপত এই অট্টালিকাটোত কিয় গ’ল। তেওঁ ক’লে যে, তেওঁ কিবা সমস্যাত ভুগি আছিল নেকি কিন্তু ইয়াৰ বিষয়ে তেওঁৰ পৰিয়াল অৱগত নহয়। মৃত যুৱকজনে নিজৰ ভাতৃক কৈছিল যে অনলাইনেৰে তেওঁ নতুন মোবাইল ক্ৰয় কৰিছে আৰু ভাতৃক সেই মোবাইলটো ল’ব দিছিল। তেওঁ আত্মহত্যা কৰাৰো কোনো কাৰণ নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Photo credit: gulfnews.com