25 C
Guwahati
Thursday, February 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম CAA আহিলে অসমৰ কি ভাল হ'ব?- 'যুৱ সংসদ'ত সোধা এই মুকলি প্ৰশ্নত...

    CAA আহিলে অসমৰ কি ভাল হ’ব?- ‘যুৱ সংসদ’ত সোধা এই মুকলি প্ৰশ্নত কি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই

    কলাক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ অসম প্ৰদেশৰ 'যুৱ সংসদ'। যুৱ সংসদত নেতৃত্বক মুকলি প্ৰশ্ন

    কলাক্ষেত্ৰত বিজেপি যুৱ মৰ্চাৰ অসম প্ৰদেশৰ ‘যুৱ সংসদ’। যুৱ সংসদত নেতৃত্বক মুকলি প্ৰশ্ন। যুৱ সংসদত উপস্থিত থাকে নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা, যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক চৈকট দত্ত চৌধুৰী, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন আৰু সাংসদ দিলীপ শইকীয়া। AASU, চুতীয়া সন্মলনী, AJYCP আৰু যুৱ কংগ্ৰেছকে ধৰি বহু কেইটা সংগঠনৰ সদস্যৰ বিজেপিত যোগদান।

    প্ৰথম প্ৰশ্ন : CAA আহিলে অসমৰ কি ভাল হ’ব?

    হিমন্ত বিশ্ব শৰ্মাঃ নতুন মানুহ নাহে, ইতিমধ্যে অহা মানুহে নাগৰিকত্ব পাব। গোলাপ বৰবৰা, প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল সকলো মুখ্যমন্ত্ৰী হওতে এই মানুহখিনিয়ে ভোটাধিকাৰ আছিল। নাগৰিকত্ব বিচৰাসকলে তিনিটা প্ৰমাণ দিব লাগিব, ১৪ৰ আগত অহা বুলি প্ৰমাণ দিব লাগিব, আন দেশৰ পৰা অহা নাই বুলি প্ৰমাণ দিব লাগিব আৰু হিন্দু বুলি প্ৰমাণ কৰিব লাগিব, এনে মানুহৰ সংখ্যা তিনি লাখ চাৰি তিনি লাখৰ বেছি নহয়, ২০১১ আৰু ২০১২ চনত অহা মানুহ খুব বেছি ১০ /১২ হাজাৰ হ’ব। আমাৰ ক্ষতি এই খিনি মানুহৰ কাৰণে হোৱা নাই, ক্ষতি হৈছে অভিভাষী মুছলমান লোকৰ বাবে। নতুনকৈ ৫ লাখ মানুহ আহিলে আমাৰ ক্ষতি হ’ব।

    প্ৰশ্নঃ মুছলমান আৰু হিন্দু বঙালী একেলগ হ’লে অসমীয়া ভাষাৰ ক্ষতি নহ’ব নেকি?

    হিমন্ত বিশ্ব শৰ্মাঃ বঙালী হিন্দুৱেহে বঙালী ভাষা কয় বুলি কোৱা কথাটো ভুল। বঙালী হিন্দুৱে বঙালী ভাষা যিমান কয়, তাতকৈ বেছি অধিবাসী মুছলমান মানুহে বেছি বঙালী ভাষা কয়। পুনৰ বিধানসভাত কোৱাৰ দৰে কলগাছিয়া, জনীয়া, বাঘবৰ, বৰপেটা, দলগাঁও, দক্ষিণ শালমাৰা, গৰৈমাৰীৰ উদাহৰণ দাঙি ধৰে হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত কওতে ছেৰমান আলীয়ে ভুল বুলি কৈছিল, পিছত শুদ্ধ বুলি স্বীকাৰ কৰি লৈছে ছেৰমানে। বঙালী মুছলমানসকলেহে বঙালী ভাষা কয়, অভিভাষী মুছলমানসকলে জনগণনাত মাতৃভাষা বঙালী লিখা কাৰণে অসমত ৮০ লাখ বঙালী কোৱা মানুহৰ ভয়লগা সংখ্যা এটা দেখাইছে। অসমীয়া ভাষালৈ যদি সংকট আহিছে অভিভাষী মুছলমানসকলৰ কাৰণে। অৱশ্যে আমি মৰম কৰি জনগণনাত তেওঁলোকক অসমীয়া লিখিবলৈ অনুৰোধ নকৰো। তেওঁলোকে নিজে ভাষা অসমীয়া বুলি ক’বলৈ বাধ্য কৰোৱা পৰিবেশ এটা গঢ়ি তুলিম।

    অৱশ্যে হোজাই আদি অঞ্চলত কিছু বঙালী মানুহে বঙালী ভাষা কয়। কিন্তু শেহতীয়াকৈ একাংশ বঙালী মাধ্যমৰ বিদ্যালয়ে অসমীয়া মাধ্যম লৈ পৰিৱৰ্তিত হ’ব বিচাৰিছে। অসমত যদি অসমীয়া ভাষাৰ কিবা সংকট আহে তেনেহলে বঙালী ভাষী হিন্দু মানুহৰ কাৰণে নহয়, অভিভাষী মুছলমান মানুহৰ কাৰণেহে আছে।

    প্ৰশ্নঃ পাছলৈ যে নাগৰিকত্ব লাভৰ সময় সীমা বিজেপিয়ে বঢ়াই নিদিব তাৰ কি নিশ্চয়তা আছে?

    হিমন্ত বিশ্ব শৰ্মাঃ সংসদীয় গণতন্ত্ৰ থকা ভাৰতত ইচ্ছা কৰিলেও সময় বঢ়াই দিব নোৱাৰে সেইকাৰণে এই ধাৰণা কৰা অনুচিত। আচলতে অসম চুক্তি কৰোতে আমি কেবাটাও অমীমাংসিত প্ৰশ্ন এৰি থৈ গৈছিলো। বিদেশীসকলৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কত কোনো কথা নাই, আইএমডিত বাতিল কৰাৰ পৰিৱৰ্তে সংশোধন কৰাৰ কথা আছিল। অসম চুক্তি কৰোতে কোনেও চিন্তা নকৰিলে ভাৰত সোমোৱা হিন্দুৰ কি হ’ব। হিন্দুক খেদি পঠিওৱা সম্ভৱ হ’ব পাৰিবনে নোৱাৰে এই কথা ৮৫ চনত চুক্তি সাক্ষৰ কৰোতে আলোচিত হোৱা প্ৰয়োজন আছিল। ততাতৈয়াকৈ অসম চুক্তি কৰি পেলোৱা হ’ল। গোলাপ বৰবৰাই কৈ গৈছে যে লজ্জাজনক চুক্তি কৰা হৈছিল। বিদেশী সমস্যাৰ কোনো সমাধান নাছিল। গোলাপ বৰবৰাৰ প্ৰৱন্ধ পাঠ হিমন্তৰ। নিৰ্বাচনৰ প্ৰাৰ্থী হ’ব নোৱাৰা কাৰণে ইন্দিৰা গান্ধীৰ লগত চুক্তি কৰা নাছিল ছাত্ৰ নেতাসকলে। হীৰেন গোহাঁইৰ কিতাপত গোলাপ বৰবৰাই লিখা প্ৰৱন্ধৰ উল্লেখ। অসম চুক্তিৰ জৰিয়তে সমাধান নকৰি শীতল ভৰালত থৈ দিয়া সমস্যা বিজেপিয়ে পৰ্যায়ক্ৰমে কৰি আহিছে। ভিত্তি বৰ্ষ কোনেও বৃদ্ধি কৰিব নোৱাৰে।

    প্ৰশ্নঃ উত্তৰ-পূবক আন ৰাজ্যক বাহিৰত ৰাখি অসমক কিয় কৰা নহল ?

    হিমন্ত বিশ্ব শৰ্মাঃ নাগালেণ্ড, মিজোৰাম, মেঘালয়ত বঙালী হিন্দু নাই গতিকে সেইসমূহ ৰাজ্যক আওতাৰ ভিতৰত ৰখাৰ প্ৰশ্ন নাই। য’ত বঙালী হিন্দু নাই তাক বাদ নিদিলে আন্দোলনৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়োজন নাই। It Was A Practical Reality । ৰাজ্য কেইখনৰ আইন-শৃংখলা অটুট ৰখাৰ বাবে আওতাৰ বাহিৰত ৰখা হৈছে। ছিকিম, ত্ৰিপুৰা আৰু অসমত আইনৰ প্ৰয়োজনীয়তা আছে। গতিকে এই তিনিখন ৰাজ্য আওতাৰ ভিতৰত ৰখা হৈছে।

    প্ৰশ্নঃ মুখ্যমন্ত্ৰীয়ে কয় নগন্য, ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় পাঁচলাখৰ কমেহে নাগৰিকত্ব আবেদন কৰিব পাৰিব বুলি, কিয় অমিল কথাৰ?
    ৰণজিৎ দাসঃ মুখ্যমন্ত্ৰীয়ে নগন্য সংখ্যকে নাগৰিকত্ব পাব বুলি কৈছে। নতুনকৈ আহিব বুলি কোৱা নাই। ড৹ শৰ্মাও নতুনকৈ মানুহ আহিব বুলি কোৱা নাই। ময়ো কেতিয়াও কোৱা নাই নতুনকৈ মানুহ আহিব বুলি। আজিও কম ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত এজনো যদি লোক আহে আমি ৪২ লাখ বিজেপিয়ে পদত্যাগ কৰিম।

    ৰাজীৱ গান্ধীয়ে দিয়া দফা ৬ৰ প্ৰতিশ্ৰুতি কোনো এখন কংগ্ৰেছী চৰকাৰে পালনৰ ব্যৱস্থা নকৰিলে। কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে আগবাঢ়ি আহিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING